নিশা উজনী অসমলৈ শ্ৰমিক কঢ়িয়াই নিয়া যাত্ৰীবাহী বাছৰ লংকাকাণ্ড
বঙাইগাঁও জিলাৰ কাঁহিবাৰীত এই ঘটনা
কাঁহিবাৰীত শ্ৰমিক কঢ়িয়াই নিয়া যাত্ৰীবাহী বাছে ছিঙিলে বৈদ্যুতিক কেবল তাৰ
ভাঙিলে চাৰিডালকৈ বৈদ্যুতিক খুটি
কাঁহিবাৰীত এটা ঘৰৰ ওপৰত বৈদ্যুতিক খুটি ভাগি পৰাৰ ফলত কোনোমতে প্ৰাণৰক্ষা পৰিয়ালটোৰ
প্ৰায় ৩ কিল’মিটাৰৰো অধিক দূৰ চোঁচৰাই লৈ আহে বৈদ্যুতিক কেবল তাৰ
পিছে পিছে কাঁহিবাৰীৰ একাংশ লোকে বাছখন কৰায়ত্ত কৰাৰ বাবে খেদি অহাত চালকে তীব্ৰগতিত পলায়নৰ চেষ্টা চলায়
ইপিনে তীব্ৰগতিত অহা বাছখনত প্ৰায় ১০০ ফুট দৈৰ্ঘৰ তাৰ লাগি ধৰাত সেই তাৰত লাগি আহত হয় বহু পথচাৰী ৷ ক্ষতিগ্ৰস্থ হয় পথৰ কাষত ৰখাই থোৱা বাইকৰ
তীব্ৰগতিত পলোৱা বাছখন বৰঘোলাত একাংশ লোকে কৰে আৱদ্ধ
তাৰপিছতে উত্তেজিত জনতাই ক্ষতিসাধন কৰে বাছখনৰ
বাছখনৰ নম্বৰ AR 16 A 4100
জানিবপৰামতে বৰইচলা নামৰ ঠাইৰ পৰা প্ৰায় ৫০ ৰো অধিক পুৰুষ, মহিলা লৈ উজনী অসম গৈ আছিল বাছখন
উজনী অসমৰ ইটাভাটাত শ্ৰমিক হিচাবত লৈ গৈ আছিল এইসকল লোকক
ইপিনে বৰঘোলা আৰক্ষী কিছু পলমকৈ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু বাছখন জব্দ কৰি থানালৈ লৈ আহে।
#thenereport #bongaigaon