Random Video

ক'লাজল নৈয়ে প্ৰাণ ল'লে তিনি ছাত্ৰৰ, বৰ্তমানো নৈৰ বুকুত সন্ধানহীন এজন

2025-06-08 31 Dailymotion

বাইহাটা: ঈদৰ দিনাই বাইহাটাত সংঘটিত শোকাবহ ঘটনা । ক'লাজল নৈত সলিল সমাধি দুজন ছাত্ৰৰ । বৰ্তমানো সন্ধানহীন এজন ছাত্ৰ । জানিব পৰা মতে, পাঁচগৰাকীকৈ ছাত্ৰই শনিবাৰে বিয়লিৰ ভাগত দীক্ষিত চৌধুৰী নামৰ ছাত্ৰজনৰ জন্মদিন উদযাপন কৰাৰ বাবে ক'লাজল নৈৰ পাৰত উপস্থিত হৈছিল । পিছত ইয়াৰে তিনিছাত্ৰ ক্ৰমে কৰৰাৰ দশম শ্ৰেণীৰ ছাত্ৰ দীক্ষিত চৌধুৰী, কৰৰাৰ নৱম শ্ৰেণীৰ ছাত্ৰ হৰনীশ কাশ্যপ আৰু মাজগাঁৱৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ঋষভ ডেকাই নৈত গা ধুবলৈ নামে ।

কিন্তু দুৰ্ভাগ্যক্ৰমে ক'লাজল নৈৰ কোবাল সোঁতত উটি যায় তিনিগৰাকী ছাত্ৰ । পিছত ইয়াৰে দুজনক মৃত অৱস্থাত উদ্ধাৰ হয় যদিও এজন বৰ্তমানেও নিখোজ হৈ আছে । নিখোজ ছাত্ৰজন হৰনীশ কাশ্যপ বুলি জানিব পৰা গৈছে । এই তিনিওজন ছাত্ৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত শিক্ষানুষ্ঠান ক্ৰমে চিগ্‌মা পইণ্ট, কৰৰা শংকৰদেৱ নিকেতন আৰু মাজগাওঁ ছেণ্ট যোছেফৰ ছাত্ৰ বুলি জানিব পৰা গৈছে । এই ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা আৰু কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ ।  

সমগ্ৰ ঘটনা সন্দৰ্ভত জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই কয়, "ইয়ালৈ পাঁচজন ল'ৰা আহিছিল । এজনৰ জন্মদিন আছিল বুলি কৈছে । দুজন হয়তো পানীত নমা নাছিল তিনিজন পানীত নামিলে । পানীৰ কোবাল সোঁত আছিল, তেওঁলোকে হয়তো সাতুৰিব নোৱাৰিলে । তিনিওজন সন্ধানহীন হৈ আছিল, কিন্তু SDRF আহি পালে । তেওঁলোকে উদ্ধাৰ অভিযান চলাই আছে । ইতিমধ্যে আমি দুটা ল'ৰাক আমি জীৱিত অৱস্থাত নাপালো । তৃতীয়জনৰ সন্ধানত অভিযান চলি আছে । চাংসাৰিৰ পৰা NDRF ৰ দলো আহি আছে ।"

লগতে পঢ়ক: নাৱে এওঁলোকৰ জীৱনৰ একমাত্ৰ সাৰথি ! - ASSAM FLOOD 2025

ছেভ ডলফিন; কুলশী নদীৰ প্ৰস্তাৱিত জলবিদ্যুৎ কেন্দ্ৰৰ বিৰোধিতা প্ৰকৃতিপ্ৰমীৰ - OPPOSE HYDROPOWER PLANTS